உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাক মানে মৃত্যুদূত! নগাঁৱৰ এঘাৰ মাইলত দুৰ্ঘটনাত নিহত ১, আহত ২

    পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাক মানে মৃত্যুদূত! নগাঁৱৰ এঘাৰ মাইলত দুৰ্ঘটনাত নিহত ১, আহত ২

    ৩৬নং ফ'ৰলেনযুক্ত ঘাইপথৰ  কেতবোৰ স্থানত পথৰ দাঁতিত একাংশ ট্ৰাক ৰাখি থোৱাৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

    • Share this:

    নগাঁৱৰ ৰাঙলুৰ সমীপৰ ৩৬নং ফ'ৰলেনযুক্ত ঘাইপথৰ এঘাৰ মাইলত বুধবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, এখন ই ৰিক্সাক অতিক্ৰম কৰিবলৈ গৈ নগাঁও দিশে আহি থকা এছ ০৯ বি ৯৪৯৫ নম্বৰৰ মহিন্দ্ৰা কে ইউ ভি গাড়ীখনে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

    দুৰ্ঘটনাত মহিন্দ্ৰা গাড়ীখনৰ এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাত নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই যদিও আহত লোক দুজনৰ নাম ছিদ্দিক আলী আৰু ছফিকুল ইছলাম। আহত দুয়োজন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে ৩৬নং ফ'ৰলেনযুক্ত ঘাইপথৰ  কেতবোৰ স্থানত পথৰ দাঁতিত একাংশ ট্ৰাক ৰাখি থোৱাৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

    Published by:Gautam Barman
    First published: