உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অহা মাহত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল, কিন্তু নিদিলে নিয়তিয়ে! শৰাইঘাট দলঙৰ সমীপত হোৱা পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে প্ৰেমিক-প্ৰেমিকাই

    অহা মাহত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল, কিন্তু নিদিলে নিয়তিয়ে! শৰাইঘাট দলঙৰ সমীপত হোৱা পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে প্ৰেমিক-প্ৰেমিকাই

    দেওবাৰে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ছিপাঝাৰৰ মৰুৱা চুকীৰ ৰুমিজা বেগম আৰু  ফকৰুল ইছলামে। 

    দেওবাৰে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ছিপাঝাৰৰ মৰুৱা চুকীৰ ৰুমিজা বেগম আৰু  ফকৰুল ইছলামে। 

    দেওবাৰে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ছিপাঝাৰৰ মৰুৱা চুকীৰ ৰুমিজা বেগম আৰু  ফকৰুল ইছলামে। 

    • Share this:
    প্ৰেয়সী ৰুমিজাক বহু কথা কোৱাই নহ'ল ফকৰুলৰ! এমাহ পিছত দুই প্ৰেমিক প্ৰেমিকা বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল। বহু সপোনে পাহি মেলি দিঠক হোৱাৰ গুণাগথা চলিছিল। পিছে নিয়তি বৰ নিষ্ঠুৰ! দেওবাৰে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ছিপাঝাৰৰ মৰুৱা চুকীৰ ৰুমিজা বেগম আৰু  ফকৰুল ইছলামে। 

    দেওবাৰৰ দেওলগা নিশা মৃত্যুৱে যেন অপেক্ষা কৰিছিল ফকৰুল আৰু ৰুমিজালৈ। AS 01 BF 0380  নম্বৰৰ চুইফট বাহনেৰে দুয়ো বিমানবন্দৰ অভিমুখে গৈ আছিল। কিন্তু শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় কেতিয়াও নভবা ঘটনাটো। শৰাইঘাট দলঙত প্ৰবেশৰ পূৰ্বে থকা কেকুৰীত টাৰ্নিঙ লোৱাৰ বিপৰীতে পোনে পোনে তললৈ নামি যায় তেওঁলোকৰ বাহনখন। সেই অংশত নাছিল সুৰক্ষা বেৰ। ফলত চুইফট বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই  শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই  আৰু ৫০ফুট তলত পৰে। দুৰ্ঘটনাত থিতাতে মৃত্য়ুক সৱটি লয় ৰুমিজা বেগম আৰু  ফকৰুল ইছলামে।

    দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে ছিপাঝাৰৰ মৰোৱাচুকীবাসীক। বৰ্তমান দুয়োৰে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এচ চি এইচলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
    Published by:Himangshu Bhuyan
    First published: