মৰণ ফান্দত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰায় প্ৰতিদিনেই ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ পথচাৰী বা বাহন আৰোহী আহত বা নিহত হ'বলগীয়া হৈছে। ফোৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাম আধৰুৱা হৈ থকাত পথ দুৰ্ঘটনা সংঘটিত হৈছে সঘনাই।
দুৰ্ঘটনা ৰোধ কৰাৰ সঠিক পৰিকল্পনা নথকাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে বুলিও সচেতন মহলে দাবী কৰিছে। শুকুৰবাৰে পুৱা ১১ বজাত গোসাঁইগাঁৱৰ হাৰাফুটাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ এগৰাকী লোকৰ মৃত্যু হয়। গোসাঁইগাঁওৰ পৰা মটৰ চাইকেলেৰে নিজ গৃহলৈ গৈ থকা সময়ত এখন ট্ৰাকৰ লগত মুখামুখী সংঘৰ্ষ হয় এজন লোকৰ। ঘটনাস্থলীত থিতাতে নিহত হয় বাইক আৰোহীজন।
নিহত লোকজন গোসাঁইগাঁও থানাৰ অন্তৰ্গত ১ নম্বৰ গোলাডাঙী গাঁৱৰ প্ৰতাপ সিং বসুমতাৰী (৫৪) বুলি জানিব পৰা গৈছে। গোসাঁইগাঁওৰ পৰা নিজা AS16G -4605 নম্বৰৰ মটৰ চাইকেল লৈ নিজ গৃহ লৈ গৈ থকা সময়ত হাৰাপুটাৰ পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনৰ তলত সোমাই পৰে লোকজনৰ বাইকখন।
পিছত শিমুলটাপু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিহত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰি গোসাঁইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি আৰক্ষী চকীলৈ লৈ যায়।
উল্লেখ্য যে অসম বংগ সীমান্তৰ শিমুলটাপুৰ পৰা কচুগাঁওলৈকে ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ নিৰ্মাণ কাম বৰ্তমানলৈকে আধৰুৱা হৈ আছে। যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছো বুলি দাবী কৰিছে স্থানীয় একাংশ লোকে।