News18 AssamNews18 Assam
|
News18-Assam Updated:April 22, 2021, 9:54 AM IST
ফলত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে গুৱাহাটী অভিমুখে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ।
ফলত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে গুৱাহাটী অভিমুখে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ।
ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। গুৱাহাটী অভিমুখী ১৮ চকীয়া ট্ৰাকে খুন্দিয়ালে বলেৰ' পিকআপ ভানক। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল লোকেল মুৰ্গীভৰ্তি বলেৰ' পিকআপ ভান। ৰঙিয়াৰ বালাগাঁৱত এক পথ দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছিল। পথ বন্ধ হৈ থকাৰ সময়তে AS 01 JC 0528 নম্বৰৰ বলেৰ' পিকআপ ভানখনে উদিয়ানাত পথ সলনি কৰিবলৈ লওঁতে BR 06 GA 0610 নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে। যাৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে বলেৰ' পিকআপ ভানখন। ফলত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে গুৱাহাটী অভিমুখে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ। দুৰ্ঘটনাটোত আহত হৈছে বলেৰ' পিকআপ ভানখনৰ চালক।
Published by:
Sanjay Kumar Das
First published:
April 22, 2021, 9:54 AM IST