টীয়ক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
টীয়ক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, শিৱসাগৰ অভিমুখী NL-07-A-0447 নম্বৰৰ ট্ৰাক এখনৰ বিপৰীত দিশৰ পৰা অহা AS-25-BC-1904 টাটা এচিৰ সৈতে মুখামুখি সংঘৰ্ষৰ হয়। এই দুৰ্ঘটনাত টাটা এচিখনৰ হেণ্ডিমেনসহ চালকৰ থিতাতে মৃত্যু হয়। নিহত দুজনৰ ঘৰ জাগীৰোডত বুলি জানিব পৰা গৈছে যদিও এই পৰ্যন্ত নাম জানিব পৰা হোৱা নাই। টীয়ক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|