তিনিচুকীয়া জিলাৰ তালাপত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

News18 Assam | News18-Assam
Updated:November 12, 2020, 8:26 PM IST
তিনিচুকীয়া জিলাৰ তালাপত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন
তালাপ চাহ বাগিচাৰ ট্ৰেক্টৰসহ এখন ট্ৰেইলাৰে বাইপাছত উঠাৰ সময়তে এখন পাইকে প্ৰচণ্ড খুন্দা মাৰে।

তালাপ চাহ বাগিচাৰ ট্ৰেক্টৰসহ এখন ট্ৰেইলাৰে বাইপাছত উঠাৰ সময়তে এখন পাইকে প্ৰচণ্ড খুন্দা মাৰে।

  • Share this:
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তালাপ চাহ বাগিচাৰ সমীপত বাইপাছত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক নিহত আৰু আন এজন গুৰুতৰভাৱে আহত হয়৷ তালাপ চাহ বাগিচাৰ ট্ৰেক্টৰসহ এখন ট্ৰেইলাৰে বাইপাছত উঠাৰ সময়তে এখন পাইকে প্ৰচণ্ড খুন্দা মাৰে। দুজন আৰোহী আছিল বাইকখনত।

ঘটনাত পেঙেৰী চাহ বাগিচাৰ ৰাচি লাইনৰ আমুল ছোৰেনৰ পুত্ৰ বিদেন ছোৰেনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে নোৱাচ বাৰ্লাৰ পুত্ৰ মনচুক বাৰ্লা গুৰুতৰভাৱে আহত হয়৷ তালাপ আৰু ডুমডুমা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
Published by: Sanjay Kumar Das
First published: November 12, 2020, 8:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি