সোণাৰিত ভয়ংকৰ দুৰ্ঘটনা। ধোদৰ আলিৰ ওপৰত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। সোণাৰিৰ অভয়পুৰত সংঘটিত হয় এই দুৰ্ঘটনা। AS 33 C0357 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী AS 04 E 0272 নম্বৰৰ বাছখনত সন্মুখৰ পৰা খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
আঢ়ৈ বছৰীয়া শিশুসহ ২০জন যাত্ৰী গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহতসকলক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ। সোণাৰি আৰক্ষী, সেনা বাহিনীৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰত উদ্ধাৰ আহতসকলক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 07, 2021, 18:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।