• Home
  • »
  • News
  • »
  • assam
  • »
  • Road Accident in Sonapur : সোণাপুৰৰ কলেজ গেটৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident in Sonapur : সোণাপুৰৰ কলেজ গেটৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা

ই–ৰিক্সাক খুন্দিয়াই বলেৰ পিক আপ বাহনৰ চালকে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ই–ৰিক্সাক খুন্দিয়াই বলেৰ পিক আপ বাহনৰ চালকে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ই–ৰিক্সাক খুন্দিয়াই বলেৰ পিক আপ বাহনৰ চালকে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

  • Share this:
এখন ট্ৰাক অবৈধভাৱে ৰাষ্ট্ৰীয় ঘাইপথত পাৰ্কিং কৰাৰ বাবে সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, AS 21 C 8454 নম্বৰৰ এখন বলেৰো পিক আপ বাহন গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখে আহি থকা অৱস্থাত একে দিশৰ পৰা অহা এখন ই ৰিক্সা আৰু ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰি প্ৰায় ১০০ মিটাৰ চোঁচৰাই আনে ই ৰিক্সাখনক। ফলত ই ৰিক্সাৰ চালকসহ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।

আটাইকেইজন লোকক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ৰখাই থোৱা NL 02 L 5155 নম্বৰৰ ট্ৰাকখন আৰু বলেৰ পিক আপ বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আহত কেইজন ক্ৰমে ৪০ বছৰীয়া দেৱেন্দ্ৰ ৰহাং, ৪৫ বছৰীয়া ৰূপাঞ্জলি কাঠাৰ, নীলা ৰংপি আৰু এজনৰ পৰিচয় পোহৰলৈ অহা নাই। আহত লোককেইজনক সোণাপুৰ জিলা চিকিৎসালয়ৰ পৰা এম্বুলেন্সৰ অভাৱত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব পৰা হোৱা নাছিল বাতৰি লিখাৰ মুহূৰ্তলৈ।
Published by:Gautam Barman
First published: