শিলচৰত ভয়ংকৰ দুৰ্ঘটনা, কালী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ যোৱা সমদলক মহতিয়াই নিলে ট্ৰাকে

দুৰ্ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ লোকে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।

News18-Assam
Updated:October 31, 2019, 7:14 AM IST
শিলচৰত ভয়ংকৰ দুৰ্ঘটনা, কালী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ যোৱা সমদলক মহতিয়াই নিলে ট্ৰাকে
দুৰ্ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ লোকে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।
News18-Assam
Updated: October 31, 2019, 7:14 AM IST
শিলচৰৰ মেহেৰপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা। কালী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ যোৱা এটা সমদলক মহতিয়াই নিলে এখন নিয়ন্ত্ৰণহীন ট্ৰাকে। এই দুৰ্ঘটনাত দুগৰাকী যুৱতী থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা হৈছে। আহত দুজনৰ অৱস্থা সংকটজনক। নিহত যুৱতী দুগৰাকীৰ নাম পম্পা দে আৰু সোণালী দাস। দুয়োগৰাকীৰে ঘৰ শিলচৰৰ দুৰ্গাপল্লীত। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। এই দুৰ্ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ লোকে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি