
থিতাতে নিহত যুৱকজনৰ নাম আব্বাচ আলী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাহিনুৰ ইছলাম নামৰ আন এজন যুৱক।
থিতাতে নিহত যুৱকজনৰ নাম আব্বাচ আলী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাহিনুৰ ইছলাম নামৰ আন এজন যুৱক।
চামগুৰিৰ বাজিয়াগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। বাজিয়াগাঁৱৰ গৰম তিনিআলিত চলন্ত ডাম্পাৰৰ তলত সোমাল দ্ৰুতবেগী স্কুটীসহ দুজন আৰোহী। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। থিতাতে নিহত যুৱকজনৰ নাম আব্বাচ আলী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাহিনুৰ ইছলাম নামৰ আন এজন যুৱক।
গুৰুতৰভাৱে আহত ছাহিনুৰ নামৰ যুৱকজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহন দুখন উদ্ধাৰৰ ব্যৱস্থা কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|