ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাক আৰু ছুইফট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষ

News18-Assam
Updated:November 21, 2019, 11:50 AM IST
ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাক আৰু ছুইফট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষ
দ্ৰুতগতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে। দুৰ্ঘটনাৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ছুইফ্ট ডিজায়াৰখন।

দ্ৰুতগতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে। দুৰ্ঘটনাৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ছুইফ্ট ডিজায়াৰখন।

  • News18 Assam
  • Last Updated: November 21, 2019, 11:50 AM IST
  • Share this:
ৰঙিয়াৰ সমীপৱৰ্তী তুলসীবাৰীত ভাৰত–ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰঙিয়া অভিমুখী এখন ছুইফ্ট ডিজায়াৰ আৰু ভূটান অভিমুখী একন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত ছুইফ্ট ডিজায়াৰৰ চালকৰ লগতে চাইকেলেৰে গৈ থকা বাদল ঘোষ নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। পিছত দুয়োজনকে সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয়।

দ্ৰুতগতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে। দুৰ্ঘটনাৰ ফলত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে ছুইফ্ট ডিজায়াৰখন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি