ৰঙিয়াত উদিয়ানাত দ্ৰুতবেগী বাছে খুন্দিয়ালে বাইক আৰোহীক

News18 Assam | News18-Assam
Updated:May 5, 2021, 7:33 PM IST
ৰঙিয়াত উদিয়ানাত দ্ৰুতবেগী বাছে খুন্দিয়ালে বাইক আৰোহীক
স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় আহত বাইক আৰোহীজনক।

স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় আহত বাইক আৰোহীজনক।

  • Share this:
ৰঙিয়াৰ ৩১নং ঘাইপথৰ উদিয়ানাত পুণৰ পথ দুৰ্ঘটনা। বৰপেটা অভিমুখী দ্ৰুতবেগী যাত্ৰীবাহী বাছে খুন্দিয়ালে বাইক আৰোহীক। দুৰ্ঘটনাটোত আহত বাইক আৰোহীজন। বাইক আৰোহীজনে উদিয়ানাৰ চ’কত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লৈছিল। সেই মুহূৰ্ততে বৰপেটা অভিমুখী AS 15 C 7320 নম্বৰৰ বাছখনে বাইক আৰোহীজনক খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহীজন বহু নিলগত চিটিকি পৰে। ফলত গুৰুতৰভাৱে আহত হয় লোকজন।

স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় আহত বাইক আৰোহীজনক। উল্লেখ্য যে, মঙ্গলবাৰে নিশাও এই স্থানতে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল। গুৱাহাটী অভিমুখী ট্ৰেইলৰে মহতিয়াই নিছিল বাইক আৰোহীক। থিতাতে নিহত হৈছিল বাইক আৰোহী যুৱকজনৰ।
Published by: Sanjay Kumar Das
First published: May 5, 2021, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি