মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰঙিয়াত চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক

ৰঙিয়াত চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক

News18 Assam | News18-Assam
Updated:September 19, 2021, 6:42 PM IST
ৰঙিয়াত চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক
দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনে বহু দূৰলৈ মহতিয়াই লৈ যায় যুৱকজনক।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনে বহু দূৰলৈ মহতিয়াই লৈ যায় যুৱকজনক।

  • News18 Assam
  • Last Updated: September 19, 2021, 6:42 PM IST
  • Share this:
ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী অভিমুখী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক। ৰঙিয়াৰ ১নং বৈদ্যুতিক উপ–সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰীজনে AS 01 EO 4843 নম্বৰৰ বুলেট বাইকেৰে কৰ্মস্থলীলৈ আহি থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। এখন ট্ৰাকে ৰঙিয়াৰ চেপ্তিৰ কুলেন দাসক মহতিয়াই লৈ যায়।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনে বহু দূৰলৈ মহতিয়াই লৈ যায় যুৱকজনক। জীৱন–মৃত্যুৰে যুঁজি থকা যুৱকজনক ৰাইজে উদ্ধাৰ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়ত মৃত্যু হয় শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীজনৰ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা দ্ৰুতগতিত পলায়ন কৰে ট্ৰাকসহ চালকজনে। পলায়নৰ মুহূৰ্ততে ৰঙিয়াৰ পৰা বাইহাটা চাৰিআলিলৈ তিনি ঠাইত ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: September 19, 2021, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি