உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, প্ৰথমে দুখন ট্ৰাকৰ সংঘৰ্ষ, তাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত খুন্দা ডাম্পাৰৰ

    ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, প্ৰথমে দুখন ট্ৰাকৰ সংঘৰ্ষ, তাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত খুন্দা ডাম্পাৰৰ

    দুৰ্ঘটনাৰ পিছতে ডাম্পাৰৰ ভিতৰত আবদ্ধ চালকৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পায় স্থানীয় লোকে।

    দুৰ্ঘটনাৰ পিছতে ডাম্পাৰৰ ভিতৰত আবদ্ধ চালকৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পায় স্থানীয় লোকে।

    দুৰ্ঘটনাৰ পিছতে ডাম্পাৰৰ ভিতৰত আবদ্ধ চালকৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পায় স্থানীয় লোকে।

    • Share this:
      নিশা ৰঙিয়াৰ বালাগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। ট্ৰাক–ডাম্পাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ। প্ৰথমে এখন ট্ৰাকৰ বিপৰীত দিশৰ পৰা আন এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়, তাৰ পিছতে ট্ৰাকৰ পিছত আন এখন ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাৰ পিছতে ডাম্পাৰৰ ভিতৰত আবদ্ধ চালকৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পায় স্থানীয় লোকে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনে।

      ঘটনাস্থলীত উপস্থিত ৰাইজে ডাম্পাৰৰ ভিতৰত আবদ্ধ চালকক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলায়। প্ৰথমে দা, কুঠাৰেৰে গাড়ী কাটি আবদ্ধ যুৱকক উদ্ধাৰ চেষ্টা স্থানীয় ৰাইজৰ। শেষত এখন ক্ৰেন আৰু জেচিবিৰে চালকক উদ্ধাৰৰ চেষ্টা চলায়। অৱশেষত দুঘণ্টা জোৰা চেষ্টাৰ অন্তত সুকলমে উদ্ধাৰ ডাম্পাৰ চালক দিলোৱাৰ হুছেইনক।

      এই দুৰ্ঘটনাৰ ফলত কেইবাঘণ্টা ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ থাকিবলগা হ’ল সহস্ৰাধিক যান–বাহন। যাৰ ফলত নলবাৰী পৰ্যন্ত সৃষ্টি হল তীব্ৰ যাঁনজটৰ।
      Published by:Sanjay Kumar Das
      First published: