নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা, বলেৰ’ আৰু ইণ্ডিগ’ বাহনৰ মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনাৰ ফলত পথৰ ওপৰতে বাগৰি ৰে বলেৰ’ বাহনখন। যাৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে যান–বাহনৰ চলাচল।
দুৰ্ঘটনাৰ ফলত পথৰ ওপৰতে বাগৰি ৰে বলেৰ’ বাহনখন। যাৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে যান–বাহনৰ চলাচল।
- News18 Assam
- Last Updated: December 17, 2020, 10:33 AM IST
নুমলীগড়ৰ তিনিআলি দিশৰ পৰা আহি থকা AS 01Z 7198 নম্বৰৰ ইণ্ডিগ’ আৰু নুমলীগড় NRLৰ দিশৰ পৰা অহা AS 03T 3813 নম্বৰৰ এখন বলেৰ’ বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় লোকৰ সন্দেহ, ইণ্ডিগ’ বাহনৰ চালকে অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা।
ইফালে, দুৰ্ঘটনাৰ ফলত পথৰ ওপৰতে বাগৰি ৰে বলেৰ’ বাহনখন। যাৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে যান–বাহনৰ চলাচল। স্থানীয় ৰাইজে বহু সময় চেষ্টা কৰি মুকলি কৰে পথটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বলেৰ’ বাহনৰ চালকজন। স্থানীয় ৰাইজে ততাতৈয়াকৈ চালকজনক গাড়ীৰ পৰা উলিয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰে।