নাজিৰাত খাৱৈত বাগৰি পৰিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহন

আহত সকলোকে নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয়৷
আহত সকলোকে নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয়৷
- News18 Assam
- Last Updated: January 25, 2021, 7:54 PM IST
ঘটনাৰ বিৱৰণী মতে, নাজিৰাৰ বাঁহগড়াৰত অৱস্থিত ছেইণ্ট পীটাৰছ স্কুল ছুটীৰ পিছতে নাজিৰা জতকীয়া গাঁৱৰ এজন অভিভাৱকে এখন মাৰুতি ইক’ গাড়ীৰে নিজ সন্তানৰ লগতে ওচৰ-চুবুৰীয়াৰ ৫জন শিশু ছাত্ৰ আৰু ৪ গৰাকী ছাত্ৰীকে ধৰি মুঠ নজনক গাড়ীৰ ভিতৰত বহুৱাই ঘৰলৈ ৰাওনা হোৱাৰ সময়তে গাড়ীখন বিদ্যালয়ৰ সন্মুখৰ ধোদৰআলিৰ কাষৰ দ খাৱৈত বাগৰি পৰেগৈ।
গাড়ীৰ ভিতৰত আৱদ্ধ হৈ পৰা শিশুসকলক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীৰ লগতে উপস্থিত লোকসকলে ততাতৈয়াকৈ উদ্ধাৰ কৰে। স্থানীয় এজন চাইকেল আৰোহীও গাড়ীখনৰ খুন্দাত আহত হয়। আহত সকলোকে নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয়৷ কম–বেছি পৰিমাণে আহত ছাত্ৰ-ছাত্ৰী সকলক প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে বিপদমুক্ত বুলি ঘোষণা কৰে।