পুনৰ নলবাৰীত পথ দুৰ্ঘটনা৷ থিতাতে নিহত এগৰাকী বাইক আৰোহী৷ নলবাৰীৰ জাজিয়াবাৰীত চাইকেল আৰু বাইকৰ মাজত হোৱা মুখামুখি খুন্দাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
তীব্ৰবেগী বাইকে চাইকেল আৰোহীক খুন্দিওৱাৰ পিছত বাইক আৰোহী কংকন কলিতা মৃত্যুমুখত পৰে। আনহাতে চাইকেল আৰোহীজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ পিছত ততাতৈয়াকৈ বাইক আৰোহী কংকন কলিতাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|