চামগুৰিত ASTCৰ বাছে মহতিয়াই নিলে কেইবাজনো লোকক, থিতাতে নিহত এগৰাকী ছাত্ৰী, আহত কেইবাজনো

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

News18-Assam
Updated:October 16, 2019, 10:54 AM IST
চামগুৰিত ASTCৰ বাছে মহতিয়াই নিলে কেইবাজনো লোকক, থিতাতে নিহত এগৰাকী ছাত্ৰী, আহত কেইবাজনো
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
News18-Assam
Updated: October 16, 2019, 10:54 AM IST
নগাঁৱৰ চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ এখন বাছে মহতিয়ালে কেইবাজনো লোকক। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী। আন তিনিজন লোক আহত হয় এই দুৰ্ঘটনাত। নিহত ছাত্ৰীগৰাকী আমনিৰ ৰবিজা খাতুন। সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ফৰিদা খাতুন নামৰ আন এগৰাকীক। যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছিল বাছখন। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। দুৰ্ঘটনাস্থলীত বহুসময় আবদ্ধ হৈ থাকিবলগীয়া হয় মন্ত্ৰী অতুল বৰাৰ বাহন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি