মৰিগাঁৱৰ ঔজাৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয়। জাগীৰোড অভিমুখি AS01BF3817 নম্বৰৰ টাটা ছাফাৰী বাহনখনে বাচনাঘাট খান্দাজান দলঙত এখন মটৰচাইকেলত খুন্দিয়াই পলাই যাবলৈ চেষ্টা কৰোঁতে ঔজাৰিত পুনৰ দুজন চাইকেল আৰোহীক খুন্দিয়ায়।
দুৰ্ঘটনাত আহত ঔজাৰিৰ প্ৰভেশ্বৰ বৰদলৈ নামৰ ব্যক্তিজনৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন চাইকেল আৰোহী ঔজাৰিৰে অমৃত বৰদলৈক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা অৱস্থাত মৃত্যুমুখত পৰে।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পৰা পলাবলৈ চেষ্টা কৰা দুজন ব্যক্তিক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে। টাটা চাফাৰিখনত সুৰাৰ বটল প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।