মাৰ্ঘেৰিটাত দ্ৰুতবেগী মাৰুতি কাৰৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ, চালকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ

News18 Assam | News18-Assam
Updated:July 27, 2020, 8:24 AM IST
মাৰ্ঘেৰিটাত দ্ৰুতবেগী মাৰুতি কাৰৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ, চালকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকল ক্ষুব্ধ হৈ দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখনৰ চালকসহ গাড়ীখনৰ আৰোহী কেইজক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকল ক্ষুব্ধ হৈ দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখনৰ চালকসহ গাড়ীখনৰ আৰোহী কেইজক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

  • Share this:
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী মাৰুতি কাৰৰ খুণ্ডাত দিহিং চাহ বাগিচাৰ কলঘৰৰ সমীপত এজন পথচাৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়। এ এছ ২৩ ৱাই ৭৩৮৬ নম্বৰৰ মাৰুতি বাহনখনৰ খুণ্ডাত জীতেন বানজাৰা নামৰ চাহ বাগিচাৰ লোকজনৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকল ক্ষুব্ধ হৈ দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখনৰ চালকসহ গাড়ীখনৰ আৰোহী কেইজক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ চালকসহ লোককেইজনক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎস্যাৰ ব্যৱস্থা কৰে যদিও ইয়াৰে কিৰণ সোনাৰ, ৰাতুল হাজৰিকা আৰু ৰাজা মহাতু নামৰ যুৱককেইজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আনহাতে, আৰক্ষীয়ে মৃত লোজনৰ মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
Published by: Sanjay Kumar Das
First published: July 27, 2020, 8:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি