যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
মঙলদৈত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বান্দিয়া চ’কত মাটি কঢ়িয়াই অনা ট্ৰেক্টৰে মহতিয়াই নিলে ১৮ বছৰীয়া এজন যুৱকক। থিততে নিহত যুৱকজন ৱাবিদুৰ ৰহমান বুলি জানিব পৰা গৈছে।স্থানীয় লোকে জানিবলৈ দিয়া মতে, যুৱকজনে ৰেচন আনিবৰ বাবে পুৱাৰ ভাগত ঘৰৰ পৰা চাইকেই লৈ ওলাই আহিছিল। তেনে সময়তে মাটি কঢ়িয়াই অনা AS-13C-6374 নম্বৰৰ ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ বান্দিয়া চ’কত পিছফালৰ পৰা মহতিয়াই নিয়ে চাইকেই আৰোহী যুৱকজনক।
দুৰ্ঘটনাত পতিত হোৱা ৱাবিদুৰ ৰহমানৰ ঘৰ মঙলদৈ থানাৰ অন্তৰ্গত বান্দিয়া গাঁৱত বুলি জানিব পৰা গৈছে। যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে। দৰং জিলাত প্ৰশাসনে ট্ৰেক্টৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও একাংশ ট্ৰেক্টৰ মালিকে প্ৰশাসনৰ কোনো নীতি–নিৰ্দেশনা নামানি বিভিন্ন গাঁৱৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে মাটি কঢ়িয়াই আহিছে। একাংশ কম বয়সীয়া যুৱকে ট্ৰেক্টৰ চলোৱাৰ বাবেও এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
দুৰ্ঘটনা সংঘতিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। দুৰ্ঘটনা সংঘতিত কৰি পলায়ন কৰে ট্ৰেক্টৰৰ চালকে। স্থানীয় লোকে ট্ৰেক্টৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন–আৰক্ষীক দাবী জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|