খেৰণিত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক, থিতাতে নিহত এজন

লংকাৰ পৰা ডিমা হাছাও অভিমুখে গৈ থকা ট্ৰাকে মহতিয়াই নিয়ে দুই বাইক আৰোহীক।

News18-Assam
Updated:September 18, 2019, 9:05 AM IST
খেৰণিত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক, থিতাতে নিহত এজন
লংকাৰ পৰা ডিমা হাছাও অভিমুখে গৈ থকা ট্ৰাকে মহতিয়াই নিয়ে দুই বাইক আৰোহীক।
News18-Assam
Updated: September 18, 2019, 9:05 AM IST
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ৰানাইমাত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। লংকাৰ পৰা ডিমা হাছাও অভিমুখে গৈ থকা ট্ৰাকে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় নিমাই মালাকাৰ নামৰ লোকজন। গুৰুতৰভাৱে আহত হয় নীলমণি নাথ নামৰ আনজন বাইক আৰোহী। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আহত লোকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আহত–নিহত দুয়োজন লোকৰ ঘৰ খেৰণিৰ মাটিখোলা গাঁৱত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি