পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ আহিছিল ট্ৰেভেলাৰখন৷ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত পৰিস্থিতি উতপ্ত হৈ পৰে৷
পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ আহিছিল ট্ৰেভেলাৰখন৷ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত পৰিস্থিতি উতপ্ত হৈ পৰে৷
আজি কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা। এই উপলক্ষে বিভিন্ন স্থানৰ পৰা কাৰ্বি আংলঙৰ ফুলনিলৈ জনতাৰ সোঁত বৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ যোৱাৰ সময়তে নগাঁৱৰ কঠিয়াতলীত সংঘটিত হৈছে এক দুৰ্ঘটনা। ফুলনিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত হয়৷ যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয়৷
উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰধানমন্ত্ৰীৰ সভালৈ আহিছিল ট্ৰেভেলাৰখন৷ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত পৰিস্থিতি উতপ্ত হৈ পৰে৷ দুৰ্ঘটনাৰ বহু সময়ৰ পিছতো কঠিয়াতলী চাৰিআলিত উপস্থিত হোৱা নাছিল কোনো আৰক্ষীৰ লোক। আহত সকলক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|