পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা! কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাকৰাজান অঞ্চলত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত আন এখন ট্ৰাকে খুন্দা মৰাৰ পিছত ট্ৰাক দুখনত খুন্দিয়ালে এখন নৈশ বাছে। উক্ত দুৰ্ঘটনাত প্ৰায় ১০জনকৈ লোক আহত হয়। ইয়াৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ হৈছে NL-07A-3635, NL-06A-2728 আৰু নৈশ বাছখনৰ নম্বৰ হৈছে NL-02B-2979। জানিব পৰা মতে, নৈশ বাছখন ডিমাপুৰৰ পৰা মককচুঙলৈ গৈ আছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|