• Home
  • »
  • News
  • »
  • assam
  • »
  • মহা নৱমীৰ আনন্দ–উছাহৰ মাজতেই কামপুৰত দুৰ্ঘটনা, চাইকেল আৰোহীক মহতিয়াই গছত খুন্দা মাৰুতি–৮০০ৰ

মহা নৱমীৰ আনন্দ–উছাহৰ মাজতেই কামপুৰত দুৰ্ঘটনা, চাইকেল আৰোহীক মহতিয়াই গছত খুন্দা মাৰুতি–৮০০ৰ

দুৰ্ঘটনা সংঘটিত কৰি সুৰামত্ত অৱস্থাত থকা মাৰুতি ৮০০ বাহনখনৰ চাৰিজন আৰোহীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

  • Share this:
দুৰ্গা পূজাৰ মহা নৱমীৰ আনন্দ–উল্লাসৰ মাজতেই বৃহস্পতিবাৰে কামপুৰৰ টকোডুবিত  সংঘটিত হয় পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতি ৮০০ বাহনে চাইকেল আৰোহীক মহটিয়াই নি গছত খুন্দা মাৰা ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। পিছত চাইকেল আৰোহীজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি সুৰামত্ত অৱস্থাত থকা মাৰুতি ৮০০ বাহনখনৰ চাৰিজন আৰোহীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সৰ্বমুঠ পাঁচজন আৰোহী থকা মাৰুতীখনৰ এজন আৰোহী দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়। পিছত সংকটজনক অৱস্থাত তেওঁকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত চাইকেল আৰোহীজনৰ নাম দিলীপ নাথ। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হৈছে AS-08-1838।
Published by:Sanjay Kumar Das
First published: