কাকপথাৰ সৰু ডিৰাকত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত ছিন্ন–ভিন্ন হ’ল বাইক আৰোহী

News18 Assam | News18-Assam
Updated:December 14, 2020, 8:04 PM IST
কাকপথাৰ সৰু ডিৰাকত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত ছিন্ন–ভিন্ন হ’ল বাইক আৰোহী
নিহত বাইক আৰোহীজনক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই৷

নিহত বাইক আৰোহীজনক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই৷

  • Share this:
কাকপথাৰ সৰু ডিৰাকত ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন৷ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত ঘটনাস্থলীতে ছিন্ন–ভিন্ন হৈ পৰে বাইক আৰোহীগৰাকীৰ মৃতদেহ। নিহত বাইক আৰোহীজনক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই৷ ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰিছে কাকপথাৰ আৰক্ষীয়ে৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অৰুণাচল দিশৰ পৰা অহা সকলো ডাম্পাৰ ৰখাই তদন্ত অব্যাহত ৰাখিছে কাকপথাৰ আৰক্ষীয়ে৷
Published by: Sanjay Kumar Das
First published: December 14, 2020, 8:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি