বুধবাৰে বিয়লি যোৰহাটৰ চাৰিঙীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যোৰহাটৰ পৰা গোলাঘাটৰ দিশে গৈ থকা এখন আই টেন স্প’ৰ্টছ গাড়ীৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন বালিভৰ্তি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত চাৰিজন লোক যোৱা আই টেন গাড়ীখন চূৰ্ণ–বিচূৰ্ণ হৈ পৰে।
চালকজন থিতাতে নিহত হোৱাৰ লগতে গাড়ীখনৰ আন তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহতকেইজনৰ ভিতৰত এগৰাকী যুৱতীও আছে।
স্থানীয় লোকে জানিবলৈ দিয়া মতে, ঠায়ে ঠায়ে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে। বালিভৰ্তি ডাম্পাৰখন ভুল দিশৰ পৰা আহি আছিল। ৱান ৱে’ পথটোত দুয়োখন গাড়ীয়েই অধিক বেগত থকা বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS 03 CC 4184 আৰু আই টেন গাড়ীখনৰ নম্বৰ হৈছে AS 05 J 1538।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 16, 2023, 07:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।