জাগুনত ৪০জন ছাত্ৰ–ছাত্ৰী কঢ়িয়াই নিয়া বাহন বাগৰিল ঘাইপথত, আহত ২০

লিডুৰ পৰা বাহনখনেৰে নামচাইলৈ গৈ আছিল ছাত্ৰ–ছাত্ৰীৰ দলটো।

News18-Assam
Updated:October 18, 2019, 12:23 PM IST
জাগুনত ৪০জন ছাত্ৰ–ছাত্ৰী কঢ়িয়াই নিয়া বাহন বাগৰিল ঘাইপথত, আহত ২০
লিডুৰ পৰা বাহনখনেৰে নামচাইলৈ গৈ আছিল ছাত্ৰ–ছাত্ৰীৰ দলটো।
News18-Assam
Updated: October 18, 2019, 12:23 PM IST
জাগুনৰ ৰামপুৰৰ ৬ মাইলত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথত বাগৰিল এখন মহিন্দ্ৰা পিক–আপ বাহন। বাহনখনত আছিল ৪০জন ছাত্ৰ–ছাত্ৰী। দুৰ্ঘটনাত আহত হয় ২০জন ছাত্ৰ–ছাত্ৰী। লিডুৰ পৰা বাহনখনেৰে নামচাইলৈ গৈ আছিল ছাত্ৰ–ছাত্ৰীৰ দলটো। নামচাইত অনুষ্ঠিত হৈ থকা এখন ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল দলটো। আহত ছাত্ৰ–ছাত্ৰীসকলক স্থানীয় লোকে জাগুন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। পিছত উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটালৈ প্ৰেৰণ কৰা হয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।



 
আৰু চাওক পৰৱৰ্তী বাতৰি