• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাই মোৰাঝাৰত বলেৰ’ পিকআপৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী

হোজাই মোৰাঝাৰত বলেৰ’ পিকআপৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী

বাইক আৰোহী আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন তিথাতে নিহত হয়।

বাইক আৰোহী আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন তিথাতে নিহত হয়।

বাইক আৰোহী আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন তিথাতে নিহত হয়।

  • Share this:
হোজাই জিলাৰ নীলবাগান-মোৰাঝাৰ সংযোগী গড়কাপ্তানী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মোৰাঝাৰৰ আৰক্ষী থানাৰ অন্তৰ্গত জয়নগৰস্থিত ড০ জাকিৰ হুছেইন হাইস্কুলৰ সন্মুখত বাইক আৰোহী আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন তিথাতে নিহত হয়।

দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ NL07 J- 7162 আৰু ব্ৰয়লাৰ মুৰ্গী কঢ়িওৱা বলেৰ’ পিকআপ গাড়ীখনৰ নম্বৰ AS 02BC-0232। ঘটনাস্থলীত মোৰাঝাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি