• Home
  • »
  • News
  • »
  • assam
  • »
  • হাজোৰ বেজপাৰাত পথ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত খুন্দিলায়ে আৰক্ষী কঢ়িওৱা বাছে

হাজোৰ বেজপাৰাত পথ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত খুন্দিলায়ে আৰক্ষী কঢ়িওৱা বাছে

বাছখন গুৱাহাটী আৰক্ষী ছাউনীৰ পৰা হাজো-বৰপেটা পথ হৈ কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাতে বেজপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

বাছখন গুৱাহাটী আৰক্ষী ছাউনীৰ পৰা হাজো-বৰপেটা পথ হৈ কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাতে বেজপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

বাছখন গুৱাহাটী আৰক্ষী ছাউনীৰ পৰা হাজো-বৰপেটা পথ হৈ কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাতে বেজপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

  • Share this:
নিশা হাজোৰ বেজপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী দিশৰ পৰা গৈ থকা এখন আৰক্ষী কঢ়িওৱা বাছে পিছফালৰ পৰা খুন্দিয়ালে ৰখাই থোৱা এখন ট্ৰাকত। এই ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে মহিলা কনিষ্টবলসহ মুঠ ১২ গৰাকীকৈ আৰক্ষী। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চিৰাঙৰ বাসুগাঁও আৰক্ষী থানাৰ SI মতিলাল সিং, কোকৰাঝাৰৰ বগৰীবাৰী আৰক্ষী থানাৰ ASI আনোৱাৰ হুছেইন। লগতে আঘাতপ্ৰাপ্ত হৈছে কোকৰাঝাৰৰ মহিলা কনিষ্টবল আৰু হাবিলদাৰ ক্ৰমে অংশুমণি ইছলাৰী, সোণতি বসুমতাৰী, ৰূপা ভট্টাচাৰ্য, কৃষ্ণা চৌধুৰী, কমলা বিশ্বাস, স্বাতী ৱাৰী, অঞ্জুমা বৰগয়াৰী আৰু চিমাংশ্ৰী কচাৰী।

বাছখন গুৱাহাটী আৰক্ষী ছাউনীৰ পৰা হাজো-বৰপেটা পথ হৈ কোকৰাঝাৰ অভিমুখে গৈ থকা অৱস্থাতে বেজপাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এইসকল আৰক্ষী জোৱানক আৰু বিষয়াক ২০ তাৰিখে কোকৰাঝাৰৰ পৰা গুৱাহাটী আৰক্ষী ছাউনীলৈ কেইবাটাও কাৰ্যসূচীৰ নিৰাপত্তাৰ বাবে লৈ অনা হৈছিল। কিন্তু শুকুৰবাৰে নিশা শেষৰটো দিনা শংকৰদেৱ কলাক্ষেত্ৰত কৰ্তব্য সমাপন কৰি কোকৰাঝাৰলৈ বাছখনেৰে গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয়।

আহত আটাইকেইগৰাকীকে ততাতৈয়াকৈ হাজো বিষ্ণুৰাম মেধি সামুহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়। যদিও ইয়াৰ মাজৰ কেইবাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে GMCHলৈ যোৱাৰ পৰামৰ্শ দিয়ে। এই ঘটনাৰ পিছতে AS-01GC-9134 নম্বৰৰ আৰক্ষী কঢ়িওৱা বাছখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি