
আহত ৮ জন বিবাহযাত্ৰীৰ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে।
আহত ৮ জন বিবাহযাত্ৰীৰ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে।
হাজোৰ খোপনিকুছিৰ মৌজাদাৰ পামত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী এখন বৰ যাত্ৰীৰ লগত অহা মেজিক ভেনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা গছত।
নলবাৰীৰ বাঁহজানীৰ পৰা গুৱাহাটীৰ গড়চুকলৈ বিয়া কৰাবলৈ বুলি গৈ থকা অৱস্থাতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বাহনখন।
বাহনখনত থকা মুঠ ৮ জন বিবাহযাত্ৰীৰ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী। GMCH লৈ প্ৰেৰণ কৰা যুৱকজন বাঁহজানী অগ্নিশালাৰ ধীৰাজ তালুকদাৰ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|