• Home
  • »
  • News
  • »
  • assam
  • »
  • Accident in Hailakandi : হাইলাকান্দিত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত স্কুলীয়া ছাত্ৰ, আহত আন ৫ শিক্ষাৰ্থী

Accident in Hailakandi : হাইলাকান্দিত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত স্কুলীয়া ছাত্ৰ, আহত আন ৫ শিক্ষাৰ্থী

ঘটনাক কেন্দ্ৰ কৰি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ 

ঘটনাক কেন্দ্ৰ কৰি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ 

ঘটনাক কেন্দ্ৰ কৰি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ 

  • Share this:
হাইলাকান্দি জিলাৰ আয়নাখালত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। হাইলাকান্দিৰ পৰা লালা অভিমুখে যোৱা AS 11CC 8597 নম্বৰৰ এটা তীব্ৰবেগী ট্ৰাক আৰু স্কুলীয়া ছাত্ৰ–ছাত্ৰীক লৈ অহা AS 24C 3955 নম্বৰৰ এখন ডিজেল অ'টোৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে ইমদাদুল ইছলাম মজুমদাৰ নামৰ এগৰাকী ছাত্ৰ।

লগতে আহত হৈছে আন ৫গৰাকী ছাত্ৰ–ছাত্ৰীসহ অ'টোৰ চালক। আহত ছাত্ৰ–ছাত্ৰীসকল হ'ল ছাহাৰুল ইছলাম, তাহমিনা বেগম, ছুকৰিয়া বেগম আৰু ছাহানুৰ আলম। আন এগৰাকী গুৰুতৰভাৱে আহত ছাত্ৰৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। এই ছাত্ৰ–ছাত্ৰীসকল স্থানীয় জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালৰ শিক্ষাৰ্থী। আহতসকলক ইতিমধ্যে সংকটজনক অবস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে।

ইপিনে, ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীসকলে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰে। দীৰ্ঘ প্ৰায় দুঘণ্টা সময় ধৰি চলা এই প্ৰতিবাদৰ ফলতে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আয়নাখাল এলেকাত সৃষ্টি হয় তীব্ৰ যানজঁটৰ। পিছত হাইলাকান্দিৰ জিল‍া উপায়ুক্ত হিভাৰে নিসৰ্গ গৌতম ঘটনাস্থলীত উপস্হিত হৈ নিহত আৰু আহতসকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ মুক্ত হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি