உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Road Accident : হাইলাকান্দিত এম্বুলেঞ্চ আৰু এল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, আহত ৮জন

    Road Accident : হাইলাকান্দিত এম্বুলেঞ্চ আৰু এল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, আহত ৮জন

    দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে গাড়ী দুখন পথৰ পৰা কাষৰ খেতিপথাৰত বাগৰি পৰে।

    দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে গাড়ী দুখন পথৰ পৰা কাষৰ খেতিপথাৰত বাগৰি পৰে।

    দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে গাড়ী দুখন পথৰ পৰা কাষৰ খেতিপথাৰত বাগৰি পৰে।

    • Share this:
    হাইলাকান্দিত (Hailakandi) ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী এম্বুলেন্স (ambulance ) আৰু এল্টো (Alto) গাড়ীৰ মুখামুখি সংঘাতত আহত হৈছে ৮ গৰাকী যাত্ৰী। শনিবাৰ নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ এলেকাত ১৫৪ নং (নতুন ৬নং ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। হাইলাকান্দিৰ পৰা পাচগ্ৰাম অভিমুখে যোৱা AS 01 GC 7330 নম্বৰৰ এখন এম্বুলেন্স আৰু As 11V 8327 নম্বৰৰ এখন মাৰুতি এল্টো ( Maruti Alto ) গাড়ীৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মুঠ ৮জন লোক। ইয়াৰ ভিতৰত দুজন গাড়ীচালক, এম্বুলেন্সত থকা এগৰাকী ৰোগী আৰু এজন ছাইকেল আৰোহীও আছে।

    দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে গাড়ী দুখন পথৰ পৰা কাষৰ খেতিপথাৰত বাগৰি পৰে। স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই সকলো আহত ব্যক্তিক হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সৰ চালকজনে অত্যাধিক সুৰাপান কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
    Published by:Sanjay Kumar Das
    First published: