• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজপথত পৰি ৰৈছে তেজেৰে লুটুৰি–পুতুৰি দুটা মৃতদেহ, নিশা কি হৈছিল দুধনৈৰ ডাবলীত?

ৰাজপথত পৰি ৰৈছে তেজেৰে লুটুৰি–পুতুৰি দুটা মৃতদেহ, নিশা কি হৈছিল দুধনৈৰ ডাবলীত?

চুৰ্ণ–বিচুৰ্ণ হৈ পৰি আছে বাইক এখনো৷ কোনো তীব্ৰবেগী বাহনে খুন্দিয়াইয়ে সেই স্থানৰ পৰা পলায়ন কৰে৷

চুৰ্ণ–বিচুৰ্ণ হৈ পৰি আছে বাইক এখনো৷ কোনো তীব্ৰবেগী বাহনে খুন্দিয়াইয়ে সেই স্থানৰ পৰা পলায়ন কৰে৷

চুৰ্ণ–বিচুৰ্ণ হৈ পৰি আছে বাইক এখনো৷ কোনো তীব্ৰবেগী বাহনে খুন্দিয়াইয়ে সেই স্থানৰ পৰা পলায়ন কৰে৷

  • Share this:
নিশাৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ৷ শ শ লঘু-গধূৰ সকলো ধৰণৰ যান–বাহন পাৰ হৈ গৈছে৷ কি দিন কি নিশা, অতি ব্যস্ত এটা ঘাইপথ, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ স্থান দুধনৈৰ নিকটৱৰ্তী ডাবলী৷ ৰাজপথৰ মাজতে পৰি আছে দুটা নিথৰ মৃতদেহ৷ তেজেৰে লুতুৰি-পুতুৰি ক্ষত–বিক্ষত অৱস্থাত পৰি আছে দুজন পুৰুষৰ মৃতদেহ৷ মৃতদেহ দুটা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰি থকাৰ পিছতো যেন কাৰো সময় বাহনখন ৰখাই এবাৰ চোৱাৰ৷ তেনেতে কোনো লোকে দুধনৈ আৰক্ষীক খবৰ দিলে যে, দুটা মৃতদেহ পথৰ মাজতে পৰি আছে, কাষত আছে এখন বাইকো৷ ঘটনাস্থলীত আৰক্ষে উপস্থিত হৈ মৃতদেহ দুটা প্ৰত্যক্ষ কৰি জানিব পাৰে এয়া এক পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত হৈয়ে মৃত্যু হৈছে লোক দুজনৰ৷ চুৰ্ণ–বিচুৰ্ণ হৈ পৰি আছে বাইক এখনো৷ কোনো তীব্ৰবেগী বাহনে খুন্দিয়াইয়ে সেই স্থানৰ পৰা পলায়ন কৰে৷

এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিলে যে, গাড়ীৰ খুন্দাত সম্পূৰ্ণ ক্ষত–বিক্ষত হৈ পৰে মুখমণ্ডলৰ লগতে গোটেই মৃতদেহ দুটা৷ যাৰ বাবে মৃতলোক দুজনৰ নাম কি বা ঘৰ ক’ত সেয়া উলিয়াবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই৷ এখন বাইকেৰে কেইবাখনো বস্তাৰ এটা টোপোলা কঢ়িয়াই নি আছিল লোক দুজনে, সেই দৃশ্যলৈ চাই সন্দেহ কৰিব পাৰি যে দুৰ্ঘটনাত নিহত হোৱা লোক দুজন ব্যৱসায়ৰ লগত জড়িত৷

আৰক্ষীয়ে ঘটনাস্থলীত প্ৰাথমিক তদন্ত কৰাৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰি থানালৈ নিয়ে৷ যিহেতু লোক দুজনৰ পৰিচয় লাভ কৰা নাই গতিকে কোন ঠাইৰ পৰা কোন ঠাইলৈ গৈ আছিল সেয়া নিশ্চিত হ’ব পৰা নাই৷ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷ সমান্তৰালভাৱে বাইকসহ আৰোহী দুজনক মহটিয়াই থৈ যোৱা বাহনখনৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published: