• Home
  • »
  • News
  • »
  • assam
  • »
  • ভয়ংকৰ দুৰ্ঘটনাত কলিতে মৰহি গ’ল এটি সপোন, ভাগিনীয়েকৰ বাৰ্থডে খাই ঘৰ নাপালেহি গকুল

ভয়ংকৰ দুৰ্ঘটনাত কলিতে মৰহি গ’ল এটি সপোন, ভাগিনীয়েকৰ বাৰ্থডে খাই ঘৰ নাপালেহি গকুল

দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখনত খুন্দা মৰা গকুলৰ বাইকখন চূৰ্ণ–বিচূৰ্ণ হৈ পৰাৰ উপৰিও বাইকখনৰ এটা অংশ চিগি সম্পূৰ্ণ বিচ্ছিন্ন হৈ যায়৷

দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখনত খুন্দা মৰা গকুলৰ বাইকখন চূৰ্ণ–বিচূৰ্ণ হৈ পৰাৰ উপৰিও বাইকখনৰ এটা অংশ চিগি সম্পূৰ্ণ বিচ্ছিন্ন হৈ যায়৷

দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখনত খুন্দা মৰা গকুলৰ বাইকখন চূৰ্ণ–বিচূৰ্ণ হৈ পৰাৰ উপৰিও বাইকখনৰ এটা অংশ চিগি সম্পূৰ্ণ বিচ্ছিন্ন হৈ যায়৷

  • Share this:
কাৰ কাৰণে মৃত্যু ক’ত ৰৈ আছে কোনেও নাজানে! এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু লগে লগে কলিতে মৰহি গ’ল এটি জীৱন। ২২টা বসন্ত অতিক্ৰম কৰা এগৰাকী যুৱ কৃষক আৰু সামাজিক কাম-কাজত আগভাগ লোৱা গকুল আৰু নাই। যোৱানিশা ভাগিনীয়েকৰ জন্মদিন পালন কৰি ঘৰলৈ উভতি যোৱা গকুলে আপোন ঘৰখন আৰু গৈ নাপালে৷ আদবাটতে ৰৈ আছিল নিষ্ঠুৰ নিয়তি৷

দুধনৈৰ নিকটৱৰ্তী বনবাসীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো৷ নিজৰ AS 19P 3143  নম্বৰৰ KTM বাইকেৰে দুধনৈৰ উদয়পুৰৰ কুশধোৱা দেউলগুৰি গাঁৱৰ নিজৰ ঘৰলৈ গৈ থকাৰ সময়তে এখন ট্ৰাকৰ পিচফালে প্ৰচণ্ড খুন্দা মাৰে গকুলৰ KTM বাইকখনে৷ তাৰ পিছতে একোৱে যেন গম নাপালে সি, ৰাজপথতে পৰি ৰ’ল গকুলৰ নিঠৰ দেহ৷

দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখনত খুন্দা মৰা গকুলৰ বাইকখন চূৰ্ণ–বিচূৰ্ণ হৈ পৰাৰ উপৰিও বাইকখনৰ এটা অংশ চিগি সম্পূৰ্ণ বিচ্ছিন্ন হৈ যায়৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ দুধনৈ আৰক্ষীয়ে খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰু ট্ৰাকখনও জব্দ কৰে৷

পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি লোৱা গকুল বসুমতাৰী ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল৷ পিতৃ-মাতৃৰো বহু সপোন আছিল তাক লৈ, কিন্তু সেয়া যেন বিচৰা নাছিল নিয়তিয়ে৷ অতি কম বয়সতে সমাজৰ কাম কৰাৰ উপৰিও দুৰ্ভগীয়া গকুল এজন উদীয়মান কৃষকো আছিল৷ কৃষি কৰ্মৰ দ্বাৰা নিজৰ জীৱন চলাই যোৱাৰ সপোন দেখিছিল গকুলে৷ সেই সপোনবোৰ যেন কলিতে মৰহি গ’ল৷
Published by:Sanjay Kumar Das
First published: