ডিগবৈৰ ঢেকীয়াজানত শোকাৱহ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনে মহতিয়াই নিলে এজনক

News18 Assam | News18-Assam
Updated:November 13, 2020, 9:11 AM IST
ডিগবৈৰ ঢেকীয়াজানত শোকাৱহ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনে মহতিয়াই নিলে এজনক
ৰাইজে ভাঙিলে দুৰ্ঘটনাগ্ৰস্থ বাহনখন। ডিগবৈ আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ৰাইজে ভাঙিলে দুৰ্ঘটনাগ্ৰস্থ বাহনখন। ডিগবৈ আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

  • Share this:
ডিগবৈৰ ঢেকীয়াজান পথত শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ঢেকীয়াজান নিবাসী ডম্বৰ বাহাদুৰ ছেত্ৰী নামৰ লোকজন নিহত হয়। খোজ কাঢ়ি ঘৰলৈ আহি থকাৰ সময়তে ঘৰৰ সমীপতে পিছফালৰ পৰা AS 23BC 9267 নম্বৰৰ এখন টাটা আইৰিছ বাহনে খুন্দা মৰাৰ ফলত মৃত্যু হয় লোকজনৰ।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঢেকীয়াজানৰ স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে ভাঙিলে দুৰ্ঘটনাগ্ৰস্থ বাহনখন। ডিগবৈ আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঢেকীয়াজানৰ গাঁৱৰে বাহনখনৰ চালক মনু সোণোৱালে ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
Published by: Sanjay Kumar Das
First published: November 13, 2020, 9:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading