ডিগবৈৰ বগাপানীত ভয়ংকৰ দুৰ্ঘটনা। ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। চাহপাত কঢ়িওৱা ট্ৰাক আৰু মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত চূৰ্ণ–বিচূৰ্ণ হৈ পৰে মাৰুতি ভানখন। ফলত থিতাতে মৃত্যু হয় ভানখনৰ চালকজনৰ। ভানখনত থকা দুগৰাকী মহিলা আৰু এটি শিশু গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত ভানখনৰ নম্বৰ AS23B4960 আৰু ট্ৰাকখনৰ নম্বৰ AS23AC5598।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 23, 2023, 17:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।