সৰস্বতী পূজাৰ দিনত ধুবুৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আহত আন এজনৰ মৃত্যু। পশ্চিম বংগৰ কোচবিহাৰৰ মিছন হাস্পতালত চিকিৎসাধীন অবস্থাত মৃত্যু হয় মইদুল ইছলাম (১৯)ৰ।
এতিয়ালৈ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে। আহত চাৰিজনৰ ভিতৰত সংকটজনক অৱস্থাত দুজন GMCHত চিকিৎসাধীন হৈ আছে।
উল্লেখযোগ্য যে বাহনখনত মুঠ ৭জন ছাত্ৰ–ছাত্ৰী আছিল। গৌৰীপুৰৰ পৰা ধুবুৰীলৈ পূজা চাবলৈ আহিছিল এই ছাত্ৰ–ছাত্ৰীসকল। সেই সময়তে সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 27, 2023, 17:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।