உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে বাইকেৰে গৈ থকা এটা পৰিয়ালক, নিহত পিতৃ–কন্যা

    দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে বাইকেৰে গৈ থকা এটা পৰিয়ালক, নিহত পিতৃ–কন্যা

    একেখন দুচকীয়া বহনত চাৰিজন যোৱাই কাল হ’ল পৰিয়ালটোৰ।

    একেখন দুচকীয়া বহনত চাৰিজন যোৱাই কাল হ’ল পৰিয়ালটোৰ।

    একেখন দুচকীয়া বহনত চাৰিজন যোৱাই কাল হ’ল পৰিয়ালটোৰ।

    • Share this:
    দৰঙৰ বেছিমাৰীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত পিতৃ–কন্যা। দুৰ্ঘটনাত পৰিয়ালটোৰ পিতৃ–কন্যা থিতাতে নিহত হোৱাৰ লগতে মাতৃ আৰু আন এগৰাকী কন্যা কগুৰুতৰভাৱে আহত হয়।

    একেখন দুচকীয়া বহনত চাৰিজন যোৱাই কাল হ’ল পৰিয়ালটোৰ। আত্মীয়ৰ ঘৰৰ পৰা ঘৰ অভিমুখে আহি থকাৰ সময়তেই এই শোকাবহ পথ দুৰ্ঘটনা সংঘতিত হয়। জানিব পৰা মতে, খাৰুপেটীয়াৰ পৰা লালপুল অভিমুখে এখন বাইকতে চাৰিওজন গৈ থকা অৱস্থাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত  একে দিশৰ পৰা যোৱা মালবাহী ট্ৰাক এখনে পিছফালৰ পৰা মহতিয়াই লৈ যায়।

    ট্ৰাকখনৰ পিছৰ চকা গাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ ফলত পিতৃ জবেদ আলী (৩৫)  আৰু জীয়ৰী জহুৰা বেগম (৮)  থিততে নিহত হয়। মাতৃ নবীৰণ নেচা (২৫) আৰু আন এগৰাকী জীয়ৰী ৪ বছৰীয়া ইয়াচমিনা গুৰুতৰভাৱে  আহত হয়। পৰিয়ালটোৰ ঘৰ দলগাঁৱ থানাৰ অন্তৰ্গত ধৰণীপুৰত৷ আহতসকলক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ হয়। আহত দুজনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

    ঘটনাক কেন্দ্ৰ কৰি বেছিমাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু সময় ধৰি যান–জঁটৰ সৃষ্টি হয় ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত। দলগাঁও আৰক্ষীৰ তৎপৰতাত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে নিহত পিতৃ আৰু কন্যাক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত। ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
    Published by:Sanjay Kumar Das
    First published: