সমগ্ৰ ঘটনাটোক লৈ সন্দেহ ব্যক্ত কৰিছে প্ৰশান্ত বৰুৱাৰ পৰিয়ালৰ লোকে৷
সমগ্ৰ ঘটনাটোক লৈ সন্দেহ ব্যক্ত কৰিছে প্ৰশান্ত বৰুৱাৰ পৰিয়ালৰ লোকে৷
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত হিংৰিজান তিনিআলিত নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে এগৰাকী মহিলা আহত হয়৷ ৰাঙলী বটুৱাৰ প্ৰশান্ত বৰুৱা (৪৮) নামৰ ব্যক্তিজনে নিজৰ AS O4 H 2583 নম্বৰৰ হিৰ' গ্লেমাৰ মটৰ চাইকেলেৰে মৰাণৰ পৰা বটুৱা অভিমুখে গৈ থকা অৱস্থাত হিংৰিজান তিনিআলিত লক্ষী তাঁতী (৬০) নামৰ এগৰাকী মহিলাক খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে৷
দুৰ্ঘটনাত মহিলাগৰাকী সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হোৱা প্ৰশান্ত বৰুৱাক মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ব্যক্তিজনৰ৷ কিন্তু সমগ্ৰ ঘটনাটোক লৈ সন্দেহ ব্যক্ত কৰিছে প্ৰশান্ত বৰুৱাৰ পৰিয়ালৰ লোকে৷ দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পিছতে কোনো লোকে নিৰ্মমভাৱে মাৰধৰ কৰাৰ ফলত ব্যক্তিজনৰ মৃত্যু হোৱাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে৷ এইক্ষেত্ৰত উচিত তদন্তৰো দাবী জনাইছে পৰিয়ালটোৱে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|