ছয়গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই মৰা কলহীত বাগৰিল এম্বুলেঞ্চ

দুৰ্ঘটনাত এম্বুলেন্সখনৰ চালকসহ মুঠ ৫জন লোক আহত হয়৷

News18-Assam
Updated:August 23, 2019, 10:17 AM IST
ছয়গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই মৰা কলহীত বাগৰিল এম্বুলেঞ্চ
দুৰ্ঘটনাত এম্বুলেন্সখনৰ চালকসহ মুঠ ৫জন লোক আহত হয়৷
News18-Assam
Updated: August 23, 2019, 10:17 AM IST
ছয়গাঁৱৰ চণ্ডিকাত শুকুৰবাৰে পুৱা দুৰ্ঘটনাত পতিত হয় এম্বুলেন্স। নিয়ন্ত্ৰণ হেৰুৱাই ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৰা কলহীত বাগৰি পৰে এম্বুলেন্সখন। এম্বুলেন্সখনেৰে ধুবুৰীৰ পৰা এগৰাকী মহিলা ৰোগীক লৈ গুৱাহাটীলৈ আহি আছিল। দুৰ্ঘটনাত এম্বুলেন্সখনৰ চালকসহ মুঠ ৫জন লোক আহত হয়৷ গুৱাহাটীলৈ চিকিৎসাৰ বাবে অহা ৰোগী ফুলেশ্বৰী ৰায়, চালক ৰাজা খানৰ উপৰি এম্বুলেন্সত অহা ৰোগীৰ আত্মীয় অলক দাস, সঞ্জীৱ ৰয় আৰু ৰাজা গোৱালা আহত হয় এই দুৰ্ঘটনাত৷ আহত লোকসকলক গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আটাইকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি