உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bongaigaon Accident : বঙাইগাঁৱত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, ঘটনাস্থলীতে জ্বলি উঠিল দুয়োখন বাহন, ভিতৰতে জ্বলি ছাই হ’ল চালক

    Bongaigaon Accident : বঙাইগাঁৱত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, ঘটনাস্থলীতে জ্বলি উঠিল দুয়োখন বাহন, ভিতৰতে জ্বলি ছাই হ’ল চালক

    বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশলৈ আহি থকা ছুইফ্ট ডিজায়াৰ আৰু বিপৰীত দিশৰ পৰা অহা ৱাগনাৰ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷

    বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশলৈ আহি থকা ছুইফ্ট ডিজায়াৰ আৰু বিপৰীত দিশৰ পৰা অহা ৱাগনাৰ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷

    বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশলৈ আহি থকা ছুইফ্ট ডিজায়াৰ আৰু বিপৰীত দিশৰ পৰা অহা ৱাগনাৰ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷

    • Share this:
    বঙাইগাঁৱৰ বাখলগাঁৱত নিশা ভয়ংকৰ দুৰ্ঘটনা৷ ছুইফ্ট ডিজায়াৰ আৰু ৱাগনাৰ বাহনৰ মুখামুখি সংঘৰ্ষত ৰাজপথত দপদপকৈ জ্বলি উঠিল দুয়োখন বাহন৷ বাহনত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোক নিহত হোৱাৰ লগতে আহত হয় চাৰিজন যাত্ৰী। বঙাইগাঁও-উত্তৰ শালমাৰা সংযোগী পথত নিশা সংঘটিত হয় এই দুৰ্ঘটনা৷

    বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশলৈ আহি থকা ছুইফ্ট ডিজায়াৰ আৰু বিপৰীত দিশৰ পৰা অহা ৱাগনাৰ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷ ভয়ংকৰ দুৰ্ঘটনাত ৱাগনাৰখনৰ ভিতৰত আবদ্ধ চালকজন জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয়। আনহাতে, ছুইফ্টখনত থকা গুৰুত্বৰভাৱে আহত আৰোহী চাৰিগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

    আহত আৰোহীকেইজন হ’ল কাৰ্তিক কোচ (২৭), মনোজ কোচ (৩২), ৰাজেশ গাম (৩৫) আৰু দিবাকৰ শ্বাহ (৩৬)৷ আটাইকেইজনৰ ঘৰ পশ্চিম গাৰোপাহাৰত৷ বঙাইগাঁৱত বিয়া খাই ঘৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় লোককেইজনৰ বাহন৷ ইফালে জীৱন্তে অগ্নিদগ্ধ হৈ বাহনৰ ভিতৰতে ছাইত পৰিণত হোৱা চালকজনৰ বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই। বঙাইগাঁও আৰু অভয়াপুৰীৰ পৰা যোৱা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰে৷
    Published by:Sanjay Kumar Das
    First published: