বোকাজানৰ কাৰ্বি আংলং জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে পথ সুৰক্ষা সপ্তাহ উপলক্ষে সজাগতামূলক আৰু মটৰচাইকেল ৰেলী উলিওৱা অনুষ্ঠানৰ সামৰণি মৰাৰ পিছতে বোকাজান নগৰৰ মাজমজিয়াস্থিত নিজৰাপাৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা অনুসৰি, গোলাঘাট জিলাৰ চুঙাজানৰ পৰা দুজন ভকত বোকাজান চন্দ্ৰপুৰৰ এগৰাকী ব্যক্তিৰ ঘৰত মৃতকৰ শ্ৰাদ্ধত গায়ন গাই AS 09H-3313 নম্বৰৰ এখন লুনা মটৰচাইকেলেৰে ঘৰ অভিমুখে ঘূৰি যাওঁতে AS 03CC-3103 নম্বৰৰ ইটা কঢ়িয়াই অনা বলেৰ' পিকআপ বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।
দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাস্থলীতে বোধেন গগৈ নামৰ ভকতজনৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনকৈ লোক গুৰুতৰভাৱে আহত হয়।
পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত বোকাজানৰ আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত মৃত ব্যক্তিগৰাকীক উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত দুয়োজন ব্যক্তিক বোকাজানৰ সমূহীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।