உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon Accident : নগাঁৱৰ বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

    Nagaon Accident : নগাঁৱৰ বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

    দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰূপক ডেকা নামৰ যুৱকজন। নিহত ৰূপক ডেকাৰ ঘৰ ভালুকমাৰীত।

    দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰূপক ডেকা নামৰ যুৱকজন। নিহত ৰূপক ডেকাৰ ঘৰ ভালুকমাৰীত।

    দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰূপক ডেকা নামৰ যুৱকজন। নিহত ৰূপক ডেকাৰ ঘৰ ভালুকমাৰীত।

    • Share this:
    নগাঁৱৰ বেবেজীয়া পহৰা আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীকৃষ্ণ ধাবাৰ সমীপত সোমবাৰে বিয়লি সংঘটিত হয় এক ভংয়কৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় দুজন। দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাতো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা মটৰচাইকেল দুখন ক্ৰমে এএছ ০২ ডি ৯৭৪০ আৰু এএছ ২৪ জি ৫০৯০।

    দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় ৰূপক ডেকা নামৰ যুৱকজন। নিহত ৰূপক ডেকাৰ ঘৰ ভালুকমাৰীত। আনহাতে দুৰ্ঘটনাটোত দুজন গুৰুতভাৱে আহত হয়। আহত দুজন ক্ৰমে ভালুকমাৰীৰ ৰণ্টুমণি বণিয়া আৰু আনজন ৰহাৰ সৰা গাঁৱৰ পংকজ জ‍্যোতি নাথ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত দুয়োজনকে সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
    Published by:Sanjay Kumar Das
    First published: