নাঙলকুৰৰ পৰা শিশু দুটিক লৈ লোকজনে বৰপেটা চহৰলৈ অহাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা৷
নাঙলকুৰৰ পৰা শিশু দুটিক লৈ লোকজনে বৰপেটা চহৰলৈ অহাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা৷
বৰপেটাৰ নাঙলকুৰত শোকাৱহ পথ দুৰ্ঘটনা৷ নাঙলকুৰ গাঁৱত সংঘটিত এই পথ দুৰ্ঘটনাত দুই শিশুসহ ৩জন লোকৰ মৃত্যু হয়৷ AS 01 JC 1519 নম্বৰৰ হুণ্ডাই ইয়ন গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই নাঙলকুৰ গাঁৱৰ মৰানদীত পৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো৷ নিহতসকল নুৰুল ইছলাম (৪৫ ), তেওঁৰ ১৪ বছৰীয়া কন্যা নাচিমা আৰু নাতিয়েক ৪ বছৰীয়া চাকিবুল হাছান।
নাঙলকুৰৰ পৰা শিশু দুটিক লৈ লোকজনে বৰপেটা চহৰলৈ অহাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে গাঁৱৰ লোকে নৈৰ পৰা তিনিওকে উদ্ধাৰ কৰি বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে তিনিওৰে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ এই ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|