বৰপেটা প্ৰেছ ক্লাবৰ সমীপত শোকাৱহ ঘটনা। পথৰ দাঁতিত ফলমূল বিক্ৰী কৰা এগৰাকী লোকৰ ওপৰেৰে পাৰ হৈ গ'ল বাছৰ চকা৷ মৃত লোকজন বৰপেটা চহৰৰ ফাটাহাটীৰ মুনি ওজা৷
বৰপেটা প্ৰেছ ক্লাৱৰ সমীপৰ ৰাইনো ক্লাবৰ সন্মুখত পথৰ দাঁতিত ফলমূল বিক্ৰী কৰি থকা লোকজন পথৰ ওপৰত পৰি যোৱাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয়। থিতাতে মৃত্যুবৰণ কৰে লোকজনে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাঘবৰৰ মন্দিয়াৰ পৰা বৰপেটালৈ আহি থকা AS 15 AC1159 নম্বৰৰ ৰিচান নামৰ আলট্ৰা বাছখনে সংঘটিত কৰে এই দুৰ্ঘটনাতো।
Published by: Gautam Barman
FIRST PUBLISHED : August 30, 2022, 22:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।