চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৰথ যাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেক্টৰ দুৰ্ঘটনাগ্রস্ত। সোণাৰি নগৰৰ চেনিগুদামত বাগৰিল এ এছ ০৪ এ চি ৯৯৮০ নম্বৰৰ ট্ৰেক্টৰখন।
প্ৰায় অৰ্ধশতাধিক যাত্ৰীক কঢ়িয়াই নিছিল ট্ৰেক্টৰখনে।অধিকাংশ যাত্ৰীয়েই আহত হৈছে দুৰ্ঘটনাটোত।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় ৩০ জনৰো অধিক। এনেক্ষেত্ৰত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । (Road Accident at Sonari)
চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৯ জন গুৰুতৰভাৱে আহত লোকক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসা অব্যাহত আছে ২৫ জনৰো অধিক দুৰ্ঘটনাত পতিত লোকৰ।
উল্লেখযোগ্য যে টাওকাক চাহ বাগিচাৰ পৰা সোণাৰি টিয়ক চাহ বাগিচাত জগন্নাথ যাত্ৰা সামৰি পুনৰ টাওকাক চাহ বাগিচালৈ ওভতনি পথত সোণাৰি নগৰৰ চেনিগুদামত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। আনহাতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চিকিৎসালয়ত উপস্থিত হয় আৰু আঘাতপ্ৰাপ্তসকলৰ অৱস্থাৰ বুজ লয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|