ৰহাৰ ডিমৌত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন টাটা মোবাইল আৰু এখন হোণ্ডা ক্ৰেটাৰ মাজত সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ। মৃত লোকজন টাটা মোবাইলখনৰ হেণ্ডিমেন বিষ্ণু বৰ্মন। মৃত লোকজনৰ ঘৰ গোঁসাইগাঁৱৰ কুসুমতলাত।
জানিব পৰা মতে গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-25-DC-0946 নম্বৰৰ টাটা মোবাইল মিনি ট্ৰাকখনৰ যান্ত্ৰিক বিজুতি ঘটাত ৰহাৰ ডিমৌত পথৰ ওপৰতে ৰখাই হেণ্ডিমেন বিষ্ণু বৰ্মনে গাড়ীৰ তলত সোমাই মেৰামতি কৰি আছিল। তেনে সময়তে AS-01-BU-0055 নম্বৰৰ হোণ্ডা ক্ৰেটা গাড়ীখন আহি টাটা মোবাইলখনক পিচফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে। ফলত টাটা মোবাইলখন তলত কাম কৰি থকা বিষ্ণু বৰ্মনৰ গাৰ ওপৰেৰে টাটা মোবাইলখন চলি যায়। পিচত ততাতৈয়াকৈ হেণ্ডিমেনজনক হস্পিতাললৈ নিয়া হয় যদিও পথতে মৃত্যু হয় বিষ্ণু বৰ্মনৰ।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 06, 2021, 11:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।