உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দুখনকৈ বাইকত খুন্দিয়াই পলায়নৰ পিছতে জ্বলিল গাড়ী, কাৰ্বি আংলঙৰ দুৰ্ঘটনাত নিহত ১, আহত ৩

    দুখনকৈ বাইকত খুন্দিয়াই পলায়নৰ পিছতে জ্বলিল গাড়ী, কাৰ্বি আংলঙৰ দুৰ্ঘটনাত নিহত ১, আহত ৩

    Road accident at karbi anglong: ভস্মীভূত হোৱা বিলাসী গাড়ীখনত কেইবা কাৰ্টন বিলাতী সুৰা আছিল বুলি নিশ্চিত কৰা হৈছে।

    Road accident at karbi anglong: ভস্মীভূত হোৱা বিলাসী গাড়ীখনত কেইবা কাৰ্টন বিলাতী সুৰা আছিল বুলি নিশ্চিত কৰা হৈছে।

    Road accident at karbi anglong: ভস্মীভূত হোৱা বিলাসী গাড়ীখনত কেইবা কাৰ্টন বিলাতী সুৰা আছিল বুলি নিশ্চিত কৰা হৈছে।

    • Share this:

    কাৰ্বি আংলঙত আজি সংঘটিত হৈ এক ভয়ংকৰ পথ দুৰ্ঘটনা। বোকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌতমবস্তিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ উপৰি আন তিনিজন আহত হয়।


    জানিব পৰা মতে, বোকাজানৰ দিশৰ পৰা ডিমাপুৰ অভিমুখী NL-07C-8682 নম্বৰৰ বিলাসী ইক' স্পট চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই NL-07M-7011 আৰু AS-02U-1083 নম্বৰৰ দুখন বাইকত খুন্দা মৰাত AS-02U-1083 নম্বৰৰ বাইক আৰোহী সৰুপথাৰৰ আলতাফ হুছেইনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন তিনিজন বাইক আৰোহী আহত হয়।


    ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা বিলাসী বাহনখন কিছুদূৰ যোৱাৰ পিছত বাহনখনত  অকস্মাতে জুইৰ সূত্ৰপাত ঘটাত (Vehicle catches fire) গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।গাড়ীখন জ্বলি উঠাত গাড়ীখনৰ ভিতৰত থকা চালকসহ দুজন লোকে পলায়ন কৰে।


    অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা খটখটি আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইপিনে আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ভস্মীভূত হোৱা বিলাসী গাড়ীখনত কেইবা কাৰ্টন বিলাতী সুৰা আছিল বুলি নিশ্চিত কৰাৰ উপৰি গাড়ীৰ গৰাকী ডিমাপুৰৰ বুলি  তথ্য লাভ কৰিছে। আজি সংঘটিত হোৱা উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বোকাজান মহকুমাত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ।

    Published by:Gautam Barman
    First published: