உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Hojai Accident : পথ দুর্ঘটনাক কেন্দ্ৰ কৰি হোজাইত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে লপাথপা দিলে গৃহৰক্ষী জোৱান–চালকক

    Hojai Accident : পথ দুর্ঘটনাক কেন্দ্ৰ কৰি হোজাইত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে লপাথপা দিলে গৃহৰক্ষী জোৱান–চালকক

    পৰিবহণ বিভাগে জব্দ কৰা এখন মেজিক গাড়ীয়ে ভুল দিশেৰে যোৱাৰ সময়ত দুটি শিশুক খুন্দিয়াই আহত কৰাত সৃষ্টি হয় উত্তেজনাৰ।

    • Share this:
    হোজাইত পথ দুর্ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ শংকৰদেৱ নগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সম্মুখত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, পৰিবহণ বিভাগে জব্দ কৰা এখন মেজিক গাড়ীয়ে ভুল দিশেৰে যোৱাৰ সময়ত দুটি শিশুক খুন্দিয়াই আহত কৰাত সৃষ্টি হয় উত্তেজনাৰ। ইতিমধ্যে আহত শিশু দুটিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

    উল্লেখযোগ্য যে পৰিবহণ বিষয়া কাৰ্যালয়ত নিয়োজিত গৃহৰক্ষী জোৱান এজনে জব্দকৃত গাড়ীখন ভুল দিশেৰে অনাৰ ফলত দুর্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি স্থানীয় উত্তেজিত ৰাইজে গৃহৰক্ষী জোৱান, চালক আৰু সামগ্ৰীৰ গৰাকীক দিয়ে লপাথপা। পৰৱৰ্তী সময়ত  ঘটনাস্থলীত উপস্থিত হোৱা শংকৰদেৱ নগৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
    Published by:Sanjay Kumar Das
    First published: